top of page

MAJULI :

A Multi-Lingual Multi-Disciplinary e-Magazine

 

Vol:01 | Issue:01 |2024| April-June

চুটিগল্প

শালকঠীয়া

 মুনমী দত্ত হাজৰিকা

   সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল, যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল। 

 মৰাণ বুঢ়াৰ কথা কৈছোঁ। সেই যে কলীয়াই আনি দিয়া ‘নজনা বীৰৰ মূৰ’ আতৌ পুতৌকৈ চন্দন কাঠৰ চিতাত তুলি বুকু জুৰ পেলাইছিল, কলীয়াক সাবটি শৰাইঘাটৰ ৰণুৱা পুত্ৰক সুঁৱৰি বুকু ফুলাইছিল। তেতিয়াৰ পৰা এতিয়ালৈকে কেউটা পুৰুষ সাক্ষী হৈ মই ইয়াতে থিয় দি আছোঁ। মোৰ পৰিনাতিহঁতক বোপাককাৰ দিনৰ কথাবোৰ কৈ থকাৰ দৰে মৰাণবুঢ়াৰ নাতি-পৰিনাতিয়েও শুনি গৈছে নিজৰেই ভেটিত নিজৰ খোপনি ৰখোৱা কথাবোৰ। 

   আমাৰ পূৰ্বজে বহন কৰা সেই পুৰাতন আস্থাৰ কথাবোৰ সংবহন ঘটাবলৈকে মই গজালি মেলা পুলি পোখাক কাহিনীবোৰ কৈ যাওঁ। নাতিৰ বাবে শালিকী- ঠুঁটীয়া গগণা এটা চুঁচি চুঁচি মৰাণ বুঢ়ায়ো কলীয়াৰ আগত ‘মান ভগনৰ দিন’ সোঁৱৰে। তাৰ পাছত ৰামসিংহৰ কথা পাতে। শৰাইঘাটত লাচিতৰ হাতৰ সেই বালি চুঙা সদৃশ অগণন অসমীয়া খামিডাঠ ডেকাৰ সৈতে কলীয়াক চিনাই দিয়ে। 

  তেতিয়া মই শালপুলিবোৰক লুম্বিনীবনত গৰ্ভাৱতী মায়াদেৱীয়ে শালগছত ধৰি বল দি গৌতম বুদ্ধক ওপজোৱাৰ কথা কওঁ। সেয়া যেন পৰমপ্ৰাপ্তিৰ সকাহ আৰু আশাবাদৰ স্মৰণ ঘটাবপৰা বিশাল শালগছৰ এক এক ঠেঙুলি। গৌতম বুদ্ধয়ো কুশীনাৰা নদীৰ পাৰৰ এক যাত্ৰাপথত অসুস্থ অনুভৱ কৰি কাষৰ শালভূমিত প্ৰৱেশ কৰা আৰু জুৰীয়া শালৰ মাজত মহাপ্ৰয়াণৰ বাবে শুই পৰা বুৰঞ্জী কওঁ। শালনিতে যেন আৰম্ভ কৰিব পাৰি মোক্ষপ্ৰাপ্তিৰো যাত্ৰা।কল্যাণৰ যাত্ৰা-আনক পোহৰাব পৰাকৈ বাট মোকলাব পৰা যাত্ৰা। আমাৰ অতীজে কঢ়িওৱা গভীৰ আস্থাক সামৰি আমি গতি কৰি আছোঁ ।এই গতিক নিৰবছিন্ন কৰি ৰাখিবলৈকে মই নতুন পুলিবোৰক পাঠ দিছোঁ। 

    মৰাণবুঢ়ায়ো জানিছিল আমাৰ পূৰ্বজৰ কৌটিকুলীয়া কথা। নহলেনো আজোনাতিহঁতলৈ সোৱণশিৰিৰ বালিৰ সোণ চিৰিকা নাসাঁচি শালনিখন পাতেনে! সোণৰ ফল,ৰূপৰ পাতৰ সপোন নেদেখি শালনি ৰখীয়া হৈ পৰেনে! 

পিতনিখনে খাছীয়া জয়ন্তীয়া পাহাৰত কেন্দ্ৰীভূত হোৱা বৰভুঁইকপতে চানডুবি পাহাৰৰ দৰে ৰূপ সলাইছিল। বাম ঠাইকণ ঘটি মৰাণ বুঢ়া ৰৈয়ে থকা নাছিল। কেইবাটাও বেলি পিতনিখনতে পাৰ কৰি কোৰেৰে মিহি কৰা বাৰী কৰিছিল। চপৰা মৈয়াই মাটি তুলি বন্ধোৱা শাৰীবোৰত পঁচাবলৈ গুটি বিচাৰি বুঢ়া এদিন জয়ন্তীয়া পাহাৰলৈ উঠিছিল। এদিন গৈছিল মাণ্ডুৰ সিপাৰলৈ। হোলোং নাৱত বোজাই কৰি আনিছিল শাল আৰু চন্দনৰ গুটিবোৰ। বিশাল শালনিখনৰ একাষে ৰুইছিল এষাৰি চন্দন। 

  গুটিবোৰ পুলি হয়। পুলিবোৰত থোপাথোপ গুটি। সগৰ্ভা ফুলে ভৰ কৰি পৈণত ৰূপত মাটিত নিজৰ চিন ৰাখে। মাটিৰ তৰপে তৰপে খামুচি শিপা বাঢ়ে।

   ককাকৰ হাতত ধৰি কলীয়াও ডাঙৰ হয়। মাটিৰ ফলিত ফলিগুটিৰে গোট গোট আখৰেৰে তিনিশাৰী হাতৰ আখৰ লিখে- অসম আমাৰ ৰাজ্য।

   হাটৰপৰা মৰাণবুঢ়াই আনি দিয়া দুয়োমূৰে দুটা ৰং থকা পেঞ্চিলেৰে আঁকে মাজেদি বৰনৈ বৈ থকা ৰাজ্যখন।অসমৰ চাৰিসীমা,মাটিকালি ,জনগাথঁনি মুখস্থ কৰি মজলীয়া বিদ্যালয়ৰ সমাজ অধ্যয়নৰ পৰীক্ষা পাছ কৰে।

 বয়সে বুকুবোৰ বুজন কৰে। মৰাণ বুঢ়াৰ স্বদেশপ্ৰেমৰ বীজ পুৰুষলৈ শিপা মেলে। ককাকে শিকাই থৈ যোৱাখিনি কবলৈ কলীয়াও এদিন ককা হয়। নাতি হৈ ওপজে শ্যামন্ত। শ্যাম। 

        গহীন গপচ গুণী ল'ৰাটো মেৰলাই বঢ়াদি বাঢ়ে।ককাকক নিশ্চিন্ত কৰি বুকুৱে-বোধেৰে জাকত জিলিকে। শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ 'অসমীয়া ডেকাৰ উক্তি' পঢ়ি উঠি শালনিত বহি ককাকৰ লগত প্ৰাচীন-অবাৰ্চীনৰ মাজত দলং সাজে।

    ‘প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ  

     সমস্তৰে আত্মা হৰি পৰম বান্ধৱ'…

     গুণগুণাই শালনিৰ এচুকত সাজি লোৱা গোঁসাইঘৰত মূৰ দোঁৱাই কলীয়াই দিনটো আৰম্ভ কৰে।ফুল ফুলা ঋতুৰ এই পুৱাতে ময়ো নতুন পুলি পোখাক সেই ‘শালভঞ্জিকা’ৰ কাহিনী কবলৈ থিৰাং কৰোঁ-শালভঞ্জিকাৰ একাকিত্বকো স্পৰ্শ কৰিবপৰা বীৰ্যবান শালগছৰ চেতন স্থিতিৰ কাহিনী।

     কলীয়াৰ হাতত শালনি গতাই মৰাণবুঢ়া সিপুৰীলৈ যোৱাৰে পৰা শালনিখন আৰু চন্দনশাৰী কলিয়াৰ জীৱন হৈ পৰিল আৰু শ্যাম যেন কলীয়াৰ উশাহ ।

 এইটো ঋতুকে কুৰিবাৰ গৰকি শ্যাম ডাঙৰ হয়। বন্ধু মহলৰ বাবে সি ‘চেম’ হয়। চেমে কলেজৰ পাঠ্যপুথিত পঢ়া কবিতাবোৰ ৰাজপথৰ সময়ৰ লগত মিলি যাব খোজে।-"কিমান তিয়াবা তোমাৰ জিভাৰে ইতিহাসযোৰা কাৰাবালা মৰু প্ৰান্তৰ? "…

         

          শ্যাম মহানগৰীৰ কলেজলৈ দিনটোলৈ ওলাই যাওঁতে শালনিত ককাকে ধৰফৰাই থাকে-

 কি বা কৰিছে সি …

  আজিকালিৰ দিনকাল হে যি, 

  চিন্তেনো কোনে ৰাইজৰ ভাল, 

  বুজিবই নোৱাৰি দেশৰ হালচাল

  বোপাককাৰ সচঁত উঠা স্বদেশপ্ৰেমী নাতি

 নাজানে নুবুজে বেপাৰীৰ স্বজন-প্ৰীতি। 

  এচুকৰ কুমাৰণী বাহবোৰ চাই চাই কলীয়া বুঢ়া ভাবসাগৰত ডুব যায়। বেপাৰীৰ দেশপ্ৰেম চাগৈ এই কুমাৰণী মাটিবোৰৰ দৰেই। বাহিৰৰ পৰা আকাৰতহে বৰ ,পিছে প্ৰয়োজনত মূল্যহীন। তেওঁ চাটি ফুটি কৰি উঠি আহি খৰ খোজেৰে শালনিখনত এপাক মাৰে। প্ৰতিজোপা শালত আঙুলি বুলাই যায়।গা গছৰ শুকান বাকলিবোৰ স্পৰ্শ কৰে। সেয়া যেন মৰাণ বুঢ়াৰ নিশাহৰ আৱৰণ, হাত পৰিলেই কলীয়া আশ্বস্ত হ’ব পাৰে। আৱৰণৰ ভিতৰত যে তৰপে তৰপে পৃথক কোষ-কলাতো বৈ থাকে শালৰ কঠিনত্ব।

 ………………………………………………………………

 ঃ অফক্লাছ থাকেনে বোলাতকৈ ক্লাছ হৈছেনে বুলিহে সুধিবা ককা। এপষেক মানেই হ’ল পঢ়া -শুনা ধোঁৱাচাঙত উঠা। চাৰিওপিনে হৈ হাল্লা। -

   অন্যদিনতকৈ পলমকৈ ফোঁপাই জোপাই ঘৰ সোমাই শুকান মুখ আৰু অস্থিৰ চকুহাল লৈ শ্যাম কালি ককাকৰ কাষত বহিছিলহি। গহীন শালগছৰ ফাকে ফাকে উৰি ওপৰমূৱা হোৱা জুইকুৰাৰ ধোঁৱাই দূৰলৈ বিয়পাইছিল শ্যামে মহানগৰীৰ পৰা কঢ়িয়াই অনা জাতিধ্বংসী বিধেয়কখনৰ বিপক্ষে ৰাজ্যজুৰি সৃষ্টি হোৱা উত্তাল প্ৰতিবাদী সুৰবোৰ। ৰণদুন্দূভি যেন অন্য এক শৰাইঘাটৰ ৰণৰ। কলীয়াই হুমুনিয়াহ কাঢ়ে। মৰাণ বুঢ়াই চন্দন কাঠত জ্বলোৱা সেই লাওখোলাটো কলীয়াই নিজহাতে বুটলিছিল, তেনে অজান অলেখ লাওখোলাৰ গৰাকী অসমীয়াৰ বীৰগাঁথা সামৰি লোৱা এইখন ভূমিত অনেকৰ অনেক ত্যাগৰ পাছতো জাতি আৰু ভেটি ৰক্ষা নহ’ল নেকি! এইখন যুঁজলৈ আকৌ মাৰ বান্ধি ওলাব লাগিব নেকি বালিচুঙাসম অগণন প্ৰজা? সাজিয়েই থাকিব লাগিব নেকি দুয়োখন আগঠেং ওপৰলৈ দাঙি থকা ঘোঁৰাৰ পিঠিত বহা অসমীয়া সৈন্যৰ প্ৰতিমূৰ্তি?

         কলীয়া আৰু শ্যামৰ বুকুৰ কঁপনিয়ে শালনি কঁপাই তুলিলে। ডালপাত মৰমৰাই ময়ো শিহঁৰিত হৈ উঠিলোঁ।

  -ক’ৰ পৰা কেনি আহিল শনাহি শত্ৰুৰ দল? সুৰুঙা ক’ত বা ৰ’ল! 

      কলীয়া আৰু শ্যামৰ তপত উশাহ নিশাহ আৰু হতাশাবোৰ সামৰি সেইনিশা ময়ো বিনিদ্ৰ হৈ ৰ’লো। কাহিলিপুৱা মোৰ প্ৰথমজাক কোমল বতাহতে শ্যাম পঢ়াশলীয়া চোলা পেণ্ট পিন্ধি ওলাল। 

           ঃ 'নপঢ়ুৱাই যেতিয়া গৈ নো কি কৰিবি!' ঘৰতে থাক আজি। -কওঁ বুলিও কলিয়াই শ্যামক নক’লে। কেনেকৈনো কয়। মৰাণ বুঢ়াৰ নাতি কলীয়া, যাৰ পিতাকে শৰাইঘাটৰ ৰণত জাতি ৰক্ষাৰ যুঁজত প্ৰাণ দিছিল। সেই কলীয়াৰে নাতি শ্যাম। পূৰ্বজৰ পৰা সিৰাই সিৰাই জাতীয়তাবাদ কঢ়িয়াই ওপজা ল’ৰাটো ওলাই নাযাব কিয়? লাচিতৰ দেশৰ ডেকা যুঁজলৈ নাযাব কিয়! যাওক আৰু জিকি আহক। এইবাৰতো সমুখ সমৰত অচিন শত্ৰুও নাই। বুজা বুজি, আলোচনাৰেই সকলো ঠিক কৰিব পাৰিব।

    আজি ৰাজভৱনৰ সন্মুখত ৰাইজে একেলগ হৈ বিধেয়কখন বিৰোধিতা কৰিব।কোট পিন্ধা-নিপিন্ধা,গান গোৱা-নোগোৱা,কলম ধৰা-নধৰা,কৃষি কৰা-নকৰা সকলো একেলগ হ'ব।এক হ'ব কন্ঠ-'এই বিধেয়ক আমি নামানো।এই মাটি কেৱল আমাৰ।'

              

     শ্যামক পঠিয়াই কলীয়া ককাই ডাঠ বুকুৰে বাট চালে দিনান্তলৈ। 

    …………………………………

     মোৰ নাতি পুতি শাল পুলিবোৰৰ সৈতে উমলি জামলি মধ্যাহ্ন পাৰ কৰিলোঁ।শালফুল ফুলা ঋতুৱে পৰিবৰ্তনৰ বতৰা অনা লোকবিশ্বাসৰ কথাটো শিকালোঁ। শালনি চিকুণাই থকাৰ পৰা মাজে মাজে বাটলৈ ডিঙি মেলি নাতিলৈ বাটচোৱা কলীয়াকো নিৰীক্ষণ কৰি থাকিলোঁ। এপাকত অথিৰ অবিৰ মনটোৰে আটাইকেইজোপা শালৰ সৈতে আলোচনা কৰি শ্যামক বিচাৰি বতাহ এজাক হৈ সোঁ সোঁৱাই নামি আহিলোঁ মহানগৰীলৈ। 

    আৰক্ষীৰ আক্ৰমণ, আৰ্তজনৰ ক্ৰন্দন, কন্দুৱা গেছৰ মাজতো প্ৰতিবাদী কণ্ঠবোৰ সজীৱ হৈ আছে- 

          ’জীৱন থকালৈকে জাতি ধ্বংসী বিধেয়ক আমি নামানো’।          নায়কে ভীমৰ ভাও দিলে।গায়কে সপ্তসুৰেৰে

বিৰোধ কৰিলে।মহানগৰীৰ কংক্ৰিট ফালি কৃষকে কামত ধৰিলে।সকলোবোৰ পন্থা ল'লে বিধেয়কখনৰ বিপক্ষে।

           নামানো… নামানো …নামানো

         অহি-নকুলৰ সংগবদ্ধ আস্ফালনত ৰাজধানীৰ আকাশ বতাহ কঁপে।

         লানি নিচিগা জনতাৰ সমদলক বিপক্ষই সষ্টম সেনাবল আৰু বিকল ইণ্টাৰনেটৰ ব্যেহুত বন্দী কৰিলে। পিছে শতৰুনো কোন? -মোৰ চিনিবলৈকে দিগদাৰ হ’ল। মুখবোৰ দেখোন আপোন আপোন ঘৰৰ মানুহৰ। পিছে অচিনৰ দৰে আচৰণ। কিন্তু কি আচৰিত!অকস্মাতে বাঢ়ি আহিল সেই পৰৰ মহল। ফটা কাগজ উৰা বতাহ এচাটি কেনিনো আহি খেনোৰ গালে মুখে লাগিলে। হিতাধিকাৰ হেৰুৱাৰ ভয়ত ততালিকে ফৰিং চিটিকা দিলে।খেনোৱে চেগবুজি কোট চোলা খুলি থ'লে।চকু মুখ জপাই পিন্ধি ল'লে 'মকৰামানৱ'ৰ সাজ আৰু পাৰে মানে বগাই থাকিল।

এইখনেই শেষ যুঁজ বুলি বাহিৰে ভিতৰে একে চামে জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈ সকলো উঠি আহিল। পঢ়াশলীয়া চোলা পিন্ধা ,আপোচ কৰিবলৈ নিশিকা আৰু ছদ্মৱেশ ধৰিব নজনা এই ৰণৰ পেন্দুকণামখা যেন গুৰিপৰুৱাৰ লানিহে।

        বিৰোধীক বিৰুধিতা কৰি বতাহো সৰকিব নোৱৰা ৰাজপথৰ আকাশত কাণ তাল মাৰি যোৱাকৈ গৰজি উঠিল ৰজাঘৰীয়া অস্ত্ৰ - ধি চ কি য়া ওঁ। 

         কেই লহমাৰ পাছত ছাত্ৰগণে গগন ফালি চিঞৰিলে-চেম, চেম, চেম। তই আমাক এৰি কিয় গুচি গ’লি? কি দোষ আছিল তোৰ?…কি দোষ আমাৰ?

        মৃত্যুৰ নীৰৱতাক লগত লৈ মই সোঁ সোঁৱাই শালনিলৈ ওভতনি যাত্ৰা কৰোঁ। কি ক’মগৈ শ্যামৰ ককাক কলীয়াক? কি ক’মগৈ মৰাণ বুঢ়াৰ স্পৰ্শ থকা শালনিখনক? -শালগছৰ শুকান বাকলিৰ তলতো শাল গছৰেই শাহ থকাৰ দৰে মানুহৰ মনৰ ভিতৰখন যে একমাত্ৰিক নহয়!

 ক্ৰমে বাঢ়ি আহিল দুয়োপক্ষৰ হাই উৰুমি। জাতি ৰক্ষাৰ

       কলীয়াক সঠিককৈ একো বুজাব নোৱাৰিলেও শাল পুলিবোৰক এটা কথা মই বুজাবগৈ লাগিব। পূৰ্বৰ পৰা এতিয়ালৈ থকা আমাৰ নিজস্বতা যেন কোনো ঋতুতেই সলনি নহওক। নতুন দিনবোৰতো নতুন শাল পুলিবোৰে ধৰি ৰাখক সেই নিজস্বতা আৰু লোহা সম শক্তিৰে আকাশ ধিয়াই থিয় দি ৰওক। শালনিবোৰত অনাদি অনন্ত কাললৈ বাজি থাকক শালবনৰ নিজা সুৰ 'বাদুংদুপ্পা বাদুংদুপ্পা'। 

        দূৰৈত সৌৱা কলীয়া ।শান্ত এযুৰি চকু আৰু প্ৰত্যয়ভৰা মুখমণ্ডল লৈ কুমলীয়া শাল পুলি এটাৰ গাত ভেজা দি ৰৈ আছে।মোৰ বুকু চমচমালে,-কেনেকৈ তেওঁৰ মুখামুখী হ'মগৈ ? নিজৰ সুৰক্ষাৰ প্ৰতি কিমান আত্মবিশ্বাস থাকিলে তেনেদৰে বাট চাব পাৰে শ্যামলৈ?শ্যামে অনা ভেটি ৰক্ষাৰ খবৰলৈ।তেওঁৰ দুচকুৰ পৰা মই চকুযোৰ নমাই আনিলোঁ।শালপুলিটোলৈ চালোঁ।মোৰ ঢুলু ঢুলু দুচকুত লাহে লাহে যেন স্পষ্ট হ'ব ধৰিলে শ্যামৰ সপ্ৰতিভ মুখমণ্ডল।কেৱল তাতে নহয় ,নতুন আটাইকেইটা শালপুলিৰ গা গছত যেন দৃশ্যমান হৈ উঠিছে অগণন শ্যামৰ মুখ। লগতে এয়া মই কি দেখিছোঁ-প্ৰতিটো পুলিতে ওলমা বাদুলি দি আছে মুকুট পিন্ধা,পিন্ধিবলৈ খাপ পিতি থকা আৰু পিন্ধাজনৰ সোঁৱে -বাঁৱে থকা অগণন তলে-পুতল মুখ।

Writers Address

Majuli, Assam

Phone

9401247756

Email

bottom of page