top of page

MAJULI :

A Multi-Lingual Multi-Disciplinary e-Magazine

 

Vol:01 | Issue:01 |2024| April-June

Pink Sugar

শিক্ষকৰ সপোন
 

ড০ ৰণদ্বীপ বড়া

  • Facebook
  • Twitter
  • LinkedIn
  • Instagram



    শিক্ষকৰ সপোন! বহুতৰ বাবে কথাটো আচহুৱা ধৰণৰ লাগিব পাৰে৷ শিক্ষক হোৱাই বা শিক্ষক হোৱাটো জীৱনৰ লক্ষ্য বুলি কোৱা হ’লেও বেলেগ কথা৷ চৰকাৰী চাকৰি এটা লাভ কৰাৰ পিছত ঘৰ-বাৰী, গাড.ী আদি সপোন পূৰ কৰাৰ অভিলাস জাগ্ৰত হ’ব পাৰে৷ কিন্তু শিক্ষকৰ আৰু কি সপোন থাকিব পাৰে!
    মই গভীৰ আস্থাৰে বিশ্বাস কৰোঁ– লক্ষ্য[স্থান]সমূহ তেনেই চুটি৷ এক অৰ্থত ক্ষণস্থায়ী৷ মানুহৰ জীৱনত সময়ে সময়ে অনেক লক্ষ্যস্থান থাকে৷ মোৰ মনৰ কথাটো এনেধৰণৰ যে আপুনি বা মই ঘৰৰপৰা বিদ্যালয়-মহাবিদ্যালয়লৈ আহিলোঁ৷ এয়া এক লক্ষ্যস্থান৷ শিক্ষানুষ্ঠানতহে অথবা বিদ্যালয়, মহাবিদ্যালয়তহে আপোনাৰ বা মোৰ জ্ঞানৰ ভেটি নিৰ্মাণ হয়, চিন্তাৰ আখৰা-অনুশীলন হয়৷ ঘৰত সকলোৱে শিকে, সেই শিকাৰ কথা সুকীয়া৷ বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়তহে আচলতে জ্ঞানৰ প্ৰসাৰ হয়, বিস্তৃতি লাভ কৰে৷ সপোনে বটবৃক্ষ ৰূপ ল’বলৈ পূৰ্ণ হাবিয়াস কৰে৷ সেয়ে লক্ষ্যস্থান বুলি কোৱাতকৈ মই ক’বলৈ ভালপাওঁ ভিজন৷ মহাবিদ্যালয়ৰ শিক্ষক হোৱালৈকে মোৰ লক্ষ্য আছিল৷ এতিয়াহে মোৰ প্ৰকৃত সপোনে মোক উদ্যমেৰে কাম কৰিবলৈ হেঁপাহ জাগ্ৰত কৰিছে৷ এই সপোনে মোক শুবলৈ নিদিয়ে৷ কথাষাৰ এনেদৰেও ক’ব পাৰি মানুহৰ লক্ষ্য তেনেই চুটি৷ সঠিক ভিজন আৰু সপোনৰ জৰিয়তেহে জীৱনৰ আচল ঈপ্সিত স্থানত উপনীত হ’ব পাৰি৷ ভিজনত সৰু সৰু লক্ষ্যবোৰ নিহিত থাকে৷ নৈবোৰ সাগৰত লীন যোৱাৰ দৰে৷ এককথাত লক্ষ্য য’ত শেষ, ভিজন তাৰপৰা আৰম্ভ হয়৷
    বহুতে ভবাৰ দৰে শিক্ষকতা মানে একেবোৰ কথাকে পুনৰাবৃত্তি কৰা মানুহ নেকি? কিছুসংখ্যকে তেনেকৈয়ে ভাবে৷ সেয়া আচৰিত ধৰণে শিক্ষকসকলৰ বহুতে নিজেও তেনেদৰে ভাবে৷ গতিকে পাঠটোৰ কথাবোৰকে বেলেগ বেলেগ শৈলীত পুনৰাবৃত্তি কৰে৷ তেনেস্থলত সাধাৰণ ৰাইজে ভবাটোতো মুঠেও অস্বাভাৱিক নহয়৷ তাতে নিৰ্দিষ্ট পাঠ্যক্ৰম আগবঢ.ায়েই যেতিয়া শিক্ষকৰনো আৰু কি পৰিশ্ৰম কৰিব লগা থাকে৷ সময়ত যাব, নিজৰ ভাগত পৰা পাঠৰ ‘মূলভাৱ’ আগবঢ.াব আৰু আজৰি৷ সঁচাকৈয়ে এনেদৰেই চলি আছে আমাৰ তথাকথিত শিক্ষা ব্যৱস্থা৷ কোনেও এই ব্যৱস্থাক লৈ সাংঘাতিক সৰৱ হোৱা পৰিলক্ষিত নহয়৷ আজিকালি এনেও প্ৰচাৰ নোপোৱা কথাত মাত নমতা স্বভাৱ এটা গঢ. লৈ উঠিছেই৷ সেয়ে শিক্ষাৰ নিচিনা কথাতটো ইমান বিশেষ একো গ্লেমাৰ নাই বুলিয়ে ভাবে৷ অথচ বিদ্বান ব্যক্তি আৰু জ্ঞানীজনে বিদ্যাই সমাজৰ মূল বুলি ভাবিছিল৷ সেয়ে সেই তাহানিৰপৰা শিক্ষাৰ যোগেদি জ্ঞানৰ সমৃদ্ধি কৰা আৰু চিন্তাক যথোচিত কাৰ্যলৈ ৰূপান্তৰ কৰা দৃষ্টিগোচৰ হয়৷ আজি শিক্ষা–  জ্ঞান আৰু প্ৰায়োগিক কথা বহুত পৃথক৷ পানী আৰু তেলৰ নিচিনা৷ অথচ শিক্ষা জীৱনৰ আধাৰ হ’ব লাগিছিল৷ চাউল, পানী ভাত হ’বলৈ জুই মূল আধাৰ হোৱাৰ দৰে৷ আজিকালি শিক্ষিত মানে কোনো কাৰ্যক্ষেত্ৰৰ একোগৰাকী কৰ্মদক্ষ ব্যক্তি নহয়৷ মানপ্ৰাপ্ত, উপযুক্ত ডিগ্ৰীধাৰী৷ তাৰমানে ই এটা আসোঁৱাহ আৰু চিন্তনীয় বিষয় নহয়নে?
    শিক্ষা বুলিলে বা শিক্ষা সম্পূৰ্ণ সম্পন্ন হ’বলৈ যে কেৱল ছাত্ৰ-ছাত্ৰীৰ সম্পৰ্ককে বুজা অভিভাৱকসকল, তেওঁলোকৰ বহুতেই নাভাবে এই শিক্ষা নামৰ ত্ৰিভুজটোৰ তেওঁলোকো সমানেই অংশীদাৰ৷ এটা বাহু ঢিলা হোৱা মানে ত্ৰিভুজটোও দুবৰ্ল হৈ পৰা৷ অন্যহাতে ছাত্ৰ-ছাত্ৰী ভাল হ’লে শিক্ষকৰ সদনাম আহে আৰু বেয়া হ’লে শিক্ষকৰ দুৰ্নাম চৌপাশে বিয়পি পৰে৷ ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিছে, ইমান বেয়া আজিৰ ছাত্ৰসমাজ৷ সেয়ে শিক্ষকতাৰ জৰিয়তে মই মোৰ অনুজ অথবা পিছৰ প্ৰজন্মৰ দায়িত্ব ল’ব খুজিছোঁ৷ এই দায়িত্ব কোনো গুণেই কম নহয়৷ ই সময়ৰ দলিল৷ মোৰ অলপ অৱহেলাই কিমানৰ জীৱন শেষ কৰিব পাৰে সেয়া ভালকৈ অনুধাৱন কৰিলেহে বুজিব পৰা যায়৷ নিজৰ সন্তানক ভাল বিদ্যালয়-মহাবিদ্যালয়ত পঢ.াই ভাল মানুহ কৰাৰ সপোন দেখা বহুত শিক্ষকেই নিজৰ শিক্ষানুষ্ঠানত পাল মৰা দৃষ্টিকটুভাৱে পৰি¦£ুট হয়৷ মই যদি মোৰ শিক্ষকতা জীৱনত কাৰোবাক আত্মবিশ্বাস জাগ্ৰত কৰিব নোৱাৰো, আত্মপ্ৰত্যয় জন্মাব নোৱাৰো, শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব নোৱাৰো, শিক্ষাৰ মূল উপলব্ধি কৰাব নোৱাৰো, কাকোৱেই যদি কৰ্মময় জীৱনৰ সুন্দৰতা অনুধাৱন কৰাব নোৱাৰো, জীৱনত সমাজত প্ৰতি থাকিব দায়বদ্ধতা উপলব্ধি কৰাব নোৱাৰো, জীৱনত আনৰ প্ৰতি কেনেদৰে কৃতজ্ঞ হ’ব লাগে সেইকথা শিকাব নোৱাৰোঁ, তেনে মোৰো জীৱনৰ অসফলতা, বিফলতা, দুবৰ্লতাৰ বোজা কঢি.য়াই ফুৰিব লাগিব৷ লোকচক্ষুৰ ওচৰত চিৰদিনলৈ অকৃতজ্ঞতাৰ বোজা বহন কৰি থাকিব লাগিব তথা সময়ৰ সোঁতত ময়ো এগৰাকী অনুপযুক্ত, প্ৰচেষ্টাহীন, অনুবৰ্ৰ শিক্ষক হিচাপে দিন অতিবাহিত কৰাৰ লগতে কাৰোৰেই মানসপটত ঠাই ল’ব নোৱৰা, কোনো এগৰাকী ছাত্ৰ-ছাত্ৰীৰ মনত ৰেখাপাত কৰিব নোৱৰা, সহজেই পাহৰি পেলাব পৰা শিক্ষকৰ আসন অলংকৃত কৰিব লাগিব৷
    ছাত্ৰ-ছাত্ৰীৰ প্ৰতি শিক্ষকৰ সময় কিমান, আন্তৰিকতা-সদিচ্চা কিমান, শ্ৰেণীকোঠাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ কথাই শিক্ষকৰ মন ক্ষণিকৰ বাবে হ’লেও দোলায়িত কৰেনে তাতেই শিক্ষকৰ ব্যক্তিত্ব প্ৰতিবিম্বিত হয়৷ এইখিনিতে প্ৰণিধানযোগ্য যে শিক্ষকসকলে আশা আৰু কামনা কৰে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকক সন্মান কৰা উচিত৷ হয়, সেয়া সঁচা৷ কৰা উচিত আৰু সেয়া শ্ৰদ্ধাৰ লগতে কৃতজ্ঞতাবোধো৷
    মন কৰিবলগীয়া কথাটো হ’ল শিক্ষকসকলৰ সৰহ সংখ্যকেই নাভাবে যে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকক যিমান সন্মান প্ৰদান কৰে, সিমান সন্মানৰ গৰাকী ছাত্ৰ-ছাত্ৰীসকলো৷ তেওঁলোকেও শিক্ষকৰ পৰা সম সন্মানেই পোৱা উচিত৷ কাৰণ ছাত্ৰ-ছাত্ৰীসকলৰ অবিহনে শিক্ষকৰ অস্তিত্বই বা ক’ত? তেওঁলোকৰ প্ৰতি সন্মানে শিক্ষকৰ মান নিম্ন নকৰে, ততোধিক উচ্ছহে কৰে৷ এনে সন্মান আৰু সস্নেহত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মূল্য আৰু গুৰুত্ব অনুধাৱন কৰে৷ কাৰণ বিদ্যায়তনিক দিশত ছাত্ৰসমাজ আৰু শিক্ষক সমাজ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি সদৃশ৷
    জীৱনে মোক এনে হ’বলৈ শিকোৱা নাই৷ মোৰ অনুজৰ প্ৰতি এনে অৱহেলা কৰিবলৈ মোক বিবেকে কেতিয়াও অনুমতি নিদিয়ে৷ সেয়ে সকলোৰে ওচৰত মোৰ এয়া স্পষ্টীকৰণ– আমাক চকু দিয়ক, কি কৰিছোঁ চাওক৷ ইমান বেতন দিয়ে বুলি আক্ষেপ নকৰিব, কাম কৰাতো সহযোগ কৰক৷ আমাৰ পৰিৱেশ আমিয়েই সজাব লাগিব৷ মই মোৰ জীৱন শিক্ষাৰ নামত উৎসৰ্গা কৰিবলৈ বদ্ধপৰিকৰ৷ সেয়া আজিৰ কথা মুঠেই নহয়৷ আনুষ্ঠানিক উচ্ছ শিক্ষা শেষ কৰাৰ পৰা প্ৰায় এটা দশকজুৰি মোৰ নিৰন্তৰ সাধনা এয়া৷ নিজৰ মনৰ সীমাবদ্ধতা  অতিক্ৰম কৰিবলৈ অহৰহ প্ৰয়াস কৰিছোঁ৷ কথাবোৰ অন্তৰতম কোণৰ পৰা বুজিবলৈ, ভাবিবলৈ শিকিছোঁ৷ দেখিছোঁ–   শিক্ষা দূৰৰ নহয়, একদম ওচৰৰ বিষয়, স্পৰ্শকাতৰ বিষয়৷ ইয়াক পাবলৈ কেৱল মেধাৰেই নহয়, মননশীল সাধনাও লাগিব৷ মনৰ উত্তেজনা, অৱসাদ, হতাশাত শিক্ষা নাথাকে৷ মনৰ পোহৰত, মনৰ উদ্যম, মনৰ ইচ্চা-হাবিয়াস, নিৰৱচ্চিন্ন প্ৰচেষ্টাতহে শিক্ষা থাকে৷ মনক সবল কৰি ৰখা, সক্ষম কৰি ৰখা এই কামটোৱেই সাম্প্ৰতিক সময়ত বৃহৎ প্ৰত্যাহ৩ান৷ আমি মনৰ সবলতা বৃদ্ধিৰ বাবেই আজি এটা দশক ধৰি লৱৰি ফুৰিছোঁ৷[পৰৱত¹ সময়ত কেনেকৈ পঢ.াইছোঁ, কি পঢ.াইছোঁ, ফলাফল কি পাইছোঁ লিখিবলৈ প্ৰয়াস কৰিম] বিধ্বস্ত মনবোৰ পুনৰুজ্জীৱিত কৰিবৰ বাবেই অতবোৰ আয়োজন কৰিছোঁ৷
    শিক্ষক হোৱা মানে এগছি বন্তি জ্বলোৱাৰ দৰে৷ যিয়ে চৌদিশ আলোকিত কৰে৷ যদি চাকি গছি ভাল নহয়, ফুটা থাকে, তেনে তেল পৰি অকালতে চাকি গছি নুমাব অথবা শলিতাডালি ভাল নহলে নিমিষতে নুমাব৷ সকলো ঠিকে ঠাকে জ্বলালেহে নিৰ্দিষ্ট সময়লৈকে চাকিগছিয়ে পৰিপূৰ্ণতা দিব৷
    শিক্ষক এজনৰ প্ৰতিচ্চবি ৰোমন্থনে একোগৰাকী ছাত্ৰ-ছাত্ৰীৰ মন প্ৰশান্তিৰে ভৰাই তুলিব পাৰিব লাগিব৷ শিক্ষকৰ একোষাৰ কথাত একোগৰাকী ছাত্ৰ-ছাত্ৰীৰ বুকু ভৰাই তুলিব লাগিব, শাঁত পৰিব লাগিব৷ শিক্ষক একোগৰাকীৰ দুচকুৰ দীপ্ততাত অমল প্ৰেৰণা বৰষিব লাগে৷ শিক্ষক এজনৰ শৰীৰভংগীত আত্মবিশ্বাস প্ৰতিফলিত হ’ব লাগে৷
    শিক্ষক হ’বলৈ পোৱাটো কম সৌভাগ্যৰ কথা নহয়৷ শিক্ষকে বিজ্ঞানী, ডাক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি সব গঢে.৷ শিক্ষাৰ পোহৰ বিলায়৷ এয়া কম কথানে! তেনে ইমান মহান, অপৰিসীম দায়িত্বক আমি বহুতেই উপলব্ধি নকৰোঁ কিয়?
    শিক্ষিত হৈ আমি কামক অৱহেলা কৰিবলৈ শিকোঁ৷ আচলতে কামক মৰ্যাদা দিবলৈহে শিকিব লাগে৷ কোনো কোনো কামক নিজৰ আয়ত্ত লৈ আনিবলৈ প্ৰয়াসহে কৰিব লাগে৷ সকলোৱে কামক মৰ্যাদা দি কাম কৰিলেহে সকলোৰে উন্নতি হ’ব৷ শিক্ষকে শিক্ষকতাৰ বাবেই নতুন নতুন কৌশল শিকি কামেৰে অনুপ্ৰাণিত কৰিবলৈ প্ৰয়াস কৰিব লাগে৷ কাৰণ উপদেশতকৈ আৰ্হি ভাল৷ মানুহে কথাতকৈ কাম কৰি দেখুৱালেহে সহজতে যিকোনো লোক আকৰ্ষিত হয়৷
    যি শিক্ষকৰ নিজা একোটা ‘ভিজন’ নাই, তেওঁলোক মাথোন পাঠ্যক্ৰম পঢে.াৱা যন্ত্ৰ এটা মাথোন৷ শিক্ষক যদি এজোপা বৰগছ, তেনে বৰগছ এজোপাই নিজৰ বংশৰ নিচান তাৰ পুলি-পোখাৰে নিৰ্ণয় কৰে৷ ঠিক সেইদৰে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সফলতা, মানসম্পন্ন জীৱন প্ৰদানেৰে আত্ম সক্ষমতা নিৰ্ণয় কৰে৷ শিক্ষকে নিজৰ জ্ঞান সাধনাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱন প্ৰকৃতাৰ্থত আলোকিত কৰিব নোৱাৰিলে, শিক্ষকতাৰ জীৱন বৃথা৷ আনক শিকাবৰ কাৰণে নিজে কিমান বেছি শিকাৰ প্ৰয়োজন সেইকথা বেছিভাগ শিক্ষকে অনুধাৱন নকৰে৷ নিজৰ শৈক্ষিক সীমা পাৰ কৰি চাকৰিত মকৰল হোৱাৰ দিনৰপৰাই বেছিভাগ শিক্ষকে কিতাপৰ বাকচত ডাং মাৰে৷ যিটো সমাজৰ বাবে, ছাত্ৰ-ছাত্ৰীৰ বাবেও ভয়ংকৰ কথা৷ বহুতে এনেকৈ কোৱা শুনো– মই পয়ত্ৰিশ বছৰ চাকৰি কৰিলো, অমুক বছৰ কৰিলোঁ বুলি গবৰ্ৰে বুকু ফিন্দাই কয়৷ কিন্তু তেওঁ কৰা কৰ্মস্থানত নতুন কি সংযোজন কৰিলে বুলি প্ৰশ্ন কৰিলে বা আন্তৰিকতাৰে সুধিলে ক’ব নোৱাৰে তেওঁ কি অৱদান আগবঢ.ালে৷ এয়াই আমাৰ কৰ্মৰ নমুনা৷ কৰ্মস্থানলৈ কোনোমতে অহা-যোৱা কৰাটোক নি(য় সেৱা নুবুলিম৷
    একো নতুন কথা নপঢ.াকৈ বা চিন্তা নকৰাকৈ ৰাইজৰ ঘামৰ মূল্যৰে মোটা অংকৰ দৰমহা ল’লেই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন সুৰক্ষিত নহয়৷ এনে হ’লে মানসিকভাৱে দংশন হোৱা উচিত৷ ছাত্ৰ-ছাত্ৰীৰ সঁচাকৈয়ে কামত অহাকৈ, মানসিক উত্তৰণ হোৱাকৈ পঢে.াৱাটো একোগৰাকী শিক্ষকৰ নৈতিক দায়িত্ব৷ কালিলৈ সমাজৰ অত্যধিক উচ্ছৃংখলতাৰ বাবে শিক্ষকো কম জগৰীয়া নহ’ব৷
    বাহ্যিক দৃষ্টিত এঘণ্টাৰ ক্লাছটো কেৱল এঘণ্টা৷ কিন্তু ভালকৈ গমি চালে দেখা যায় সেয়া মাথোন এঘণ্টা নহয়৷ ১০০ জন বা ২০০ জনৰ জীৱনৰ সেয়া সমূহীয়া এঘণ্টা৷  আজি ১০০য২০০ জন ছাত্ৰ-ছাত্ৰী উপস্থিত থকা এঘণ্টাৰ ক্লাছটো কালিলৈ ১০০য২০০ ঘণ্টা হ’বগৈ৷ আজি যদি ভাল কৰোঁ কালিলৈ ভাল হ’ব আৰু যদি বেয়া কৰোঁ কালিলৈ তাৰ পৰিণাম সকলোৱে ভুগিব লাগিব৷ আজিৰ আলোচনা, চিন্তা কালিলৈ কামত দিব লাগিব৷ কাৰণ সেয়া প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ বাবে বহুমূলীয়া এঘণ্টা৷ আজিৰ চিন্তাই কালিলৈ ভৱিষ্যৎ গঢ়িব৷
    মই গভীৰ আত্মপ্ৰত্যয়েৰে বিশ্বাস কৰোঁ যে এটুকুৰা কেঁচা লোহাক তাপ দি দি তাৰ ৰূপান্তৰ কৰিব পাৰি৷ সেয়া আমি সকলোৱে জ্ঞাত৷ সেইদৰে এটুকুৰা বাঁহৰ বুকুতো যেতিয়া দহন কৰা হয় তেতিয়া সেই বাঁহত পৃথিৱীৰ সুৰীয়া সুৰ তুলিব পৰা যায়৷ তেনেদৰে মানুহৰ জীৱনকো প্ৰণালীবদ্ধভাৱে আৰু সঠিক কৌশল প্ৰয়োগেৰে সৌন্দৰ্যময় আৰু মৰ্যাদাপূৰ্ণ কৰি তুলিব পাৰি৷ তাৰবাবে মাথোন লাগে শিকাওঁতাৰ আন্তৰিক সদিচ্ছা৷ যেনেদৰে কমাৰজনে সঠিককৈ যিকোনো সঁজুলিবোৰত সাঁচ দিয়ে, শিকাওঁতাজেনও শিকাওঁতে সজাগ আৰু মননশীল হ’ব লাগিব৷
    শিক্ষা প্ৰদান কৰা আৰু শিক্ষাৰ মূল্য উপলব্ধি কৰোৱাত শিক্ষকৰ অনেক ভূমিকা আছে৷ তাৰ বাবে শিক্ষকে প্ৰচুৰ মানসিক কছৰৎ কৰি বাতানুকূল পৰিৱেশ ৰচনা কৰি শিক্ষাথ¹ৰ মনোযোগ আকৰ্ষণ কৰিবলৈ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিব লাগিব৷
    মািŒI×নে(নেল কোম্পানীবোৰে যেনেকৈ তেওঁলোকে উৎপাদন কৰা সামগ্ৰীবোৰৰ প্ৰতি সহজতেই মানুহৰ দৃষ্টি আকৰ্ষণ কৰোৱায়, ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব  লাগিব সেই কৌশলবোৰ উদ্ভাৱন কৰিব লাগিব৷ এয়া অসম্ভৱ নহয়৷ মাথোন লাগে শিক্ষকগৰাকীৰ আন্তৰিকতা আৰু সদিচ্ছা৷
    পৃথিৱীত এনেকুৱা একো নাই যি মৰম-দৰদ নুবুজে, যি ভালপোৱা নুবুজে, বদান্যতা নুবুজে৷ তাক মাত্ৰ যথাৰ্থত অনুশীলন কৰোৱাৰ দৰকাৰ৷ সেয়া তেনেই সৰু সৰু পদক্ষেপেৰেই আৰম্ভ কৰিলেই হ’ব৷ সৰু সৰু কথাই এদিন ডাঙৰ হয়, সৰু সৰু অনুশীলনে বৃহৎ সফলতা আনে৷ পদক্ষেপ, প্ৰয়াস প্ৰথম, কাৰ্যৰ সফলতা এদিন অৱশ্যম্ভাৱী৷
    আচলতে সকলো কৰ্মক্ষেত্ৰতে যিদৰে সদনাম আৰু বদনাম দুয়োটাই থাকে সেইদৰে শিক্ষকৰো সুনাম আৰু দুৰ্নাম থাকে৷ এয়া মেধা বা বুদ্ধিহীনতাৰ কথা নহয়৷ কৰ্মৰ প্ৰতি থকা সদিচ্চাৰ অভাৱ৷ কৰিব লাগে বাবেহে কোনোমতে কৰাৰ বাবে৷ আন্তৰিকতা, শ্ৰদ্ধা নাথাকিলে কোনো কামতে মানুহে সন্তুষ্টিও নাপায়, সফলতাও নাপায়৷ ভালকৈ কৰিলে সদনামো আহিব, বদনামো আঁতৰিব৷

Address

Assistant Professor, L.T.K College, Azad, Lakhimpur, Assam

Phone

9678219368

Email

bottom of page